ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w24 মাৰ্চ পৃষ্ঠা ২০-২৫
  • আন্ধাৰৰ পৰা আঁতৰি থাকক আৰু পোহৰত চলি থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আন্ধাৰৰ পৰা আঁতৰি থাকক আৰু পোহৰত চলি থাকক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আন্ধাৰৰ পৰা পোহৰত
  • আন্ধাৰৰ পৰা আঁতৰি থাকক
  • “পোহৰৰ সন্তানবিলাকৰ দৰে” চলি থাকক
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • আপুনি সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য কৰিব পাৰে!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • বিশ্বাসীসকলে যি কʼলে, তাৰ পৰা শিকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
w24 মাৰ্চ পৃষ্ঠা ২০-২৫

অধ্যয়নৰ লেখ ১২

গীত ৭৭ অন্ধকাৰ জগতত সত্যৰ পোহৰ

আন্ধাৰৰ পৰা আঁতৰি থাকক আৰু পোহৰত চলি থাকক

‘তোমালোকে আন্ধাৰত আছিলা, কিন্তু এতিয়া পোহৰত আছা।’—ইফি. ৫:৮.

কি শিকিম?

ইফিচীয়া ৫ অধ্যায়ত পৌলে আন্ধাৰ আৰু পোহৰৰ বিষয়ে কোৱা কথাৰ অৰ্থ কি আছিল?

১-২. (ক) পৌলে কেনে পৰিস্থিতিত ইফিচৰ খ্ৰীষ্টানসকললৈ চিঠি লিখিছিল? (খ) আমি কি কি প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম?

পাঁচনি পৌল ৰোম চহৰৰ এখন ঘৰত বন্দী হৈ আছিল। তেওঁ ভাই-ভনীসকলক উৎসাহিত কৰিব বিচাৰিছিল। কিন্তু তেওঁ ভাই-ভনীসকলক লগ কৰিবলৈ যাব পৰা নাছিল, সেইবাবে তেওঁলোকলৈ কেইবাখনো চিঠি লিখিছিল। তাৰে মাজৰ এখন চিঠি তেওঁ ৬০ বা ৬১ খ্ৰীষ্টাব্দত ইফিচৰ খ্ৰীষ্টানসকলক লিখিছিল।—ইফি. ১:১; ৪:১.

২ প্ৰায় ১০ বছৰৰ আগতে পৌলে ইফিচত আছিল। তেওঁ তাত থকা লোকসকলক শুভবাৰ্তা শুনাবলৈ আৰু শাস্ত্ৰৰ পৰা শিকাবলৈ বহুত সময় দিছিল। (পাঁচ. ১৯:১, ৮-১০; ২০:২০, ২১) তেওঁ তাত থকা ভাই-ভনীসকলক বহুত প্ৰেম কৰিছিল আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ তেওঁলোকক সহায় কৰিব বিচাৰিছিল। তেওঁ নিজৰ চিঠিত তাত থকা অভিষিক্ত খ্ৰীষ্টানসকলক আন্ধাৰ আৰু পোহৰৰ বিষয়ে লিখিছিল। কিন্তু ইয়াৰ বিষয়ে তেওঁলোকলৈ কিয় লিখিছিল? পৌলে তেওঁলোকক যি পৰামৰ্শ দিছিল, তাৰ পৰা আমি কি শিকিব পাৰোঁ? আহক এই প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰোঁ।

আন্ধাৰৰ পৰা পোহৰত

৩. ইফিচৰ খ্ৰীষ্টানসকলৰ বিষয়ে কোৱাৰ সময়ত পৌলে কি কি শব্দ ব্যৱহাৰ কৰিছিল?

৩ পৌলে ইফিচৰ খ্ৰীষ্টানসকললৈ এইদৰে লিখিছিল, ‘এসময়ত তোমালোকে আন্ধাৰত আছিলা, কিন্তু এতিয়া পোহৰত আছা।’ (ইফি. ৫:৮) পৌলে “আন্ধাৰ” আৰু “পোহৰ” শব্দটো কিয় ব্যৱহাৰ কৰিছিল? তেওঁ এয়া বুজাব বিচাৰিছিল যে ইফিচৰ খ্ৰীষ্টানসকলে সত্য শিকাৰ আগতে যিদৰে আছিল আৰু যিদৰে এতিয়া আছে, তাত বহুত পাৰ্থক্য আছে। আহক চাওঁ যে তাত থকা খ্ৰীষ্টানসকল ‘এসময়ত আন্ধাৰত’ আছিল বুলি পৌলে কিয় কৈছিল।

৪. ইফিচৰ লোকসকল কি অৰ্থত আন্ধাৰত আছিল?

৪ মিছা ধৰ্মৰ বাবে আন্ধাৰত। ইফিচৰ খ্ৰীষ্টানসকলে সত্য শিকাৰ আগতে মিছা ধৰ্মৰ শিক্ষাবোৰ পালন কৰিছিল আৰু যাদু-বিদ্যা কৰিছিল। ইফিচ চহৰত আৰ্ত্তেমী দেৱীৰ এটা বিখ্যাত মন্দিৰ আছিল। সেই সময়ত এই মন্দিৰ পৃথিৱীৰ সাতটা আচৰিত বস্তুৰ মাজৰ এটা আছিল। তাত থকা লোকসকলে মুৰ্ত্তি পূজা কৰিছিল। কিছুমান লোকে আৰ্ত্তেমী দেৱীৰ সৰু সৰু মন্দিৰ বনাই বিক্ৰী কৰিছিল আৰু বহু টকা গোটাইছিল, এয়া এটা ডাঙৰ ব্যৱসায় আছিল। (পাঁচ. ১৯:২৩-২৭) ইয়াৰ উপৰিও এই চহৰ যাদু-বিদ্যাৰ বাবে জনাজাত আছিল।—পাঁচ. ১৯:১৯.

৫. ইফিচৰ লোকসকল কি অৰ্থত অনৈতিক কামৰ বাবে আন্ধাৰত আছিল?

৫ অনৈতিক কামবোৰৰ বাবে আন্ধাৰত। ইফিচৰ লোকসকলে ঘৃণনীয় অনৈতিক কাম আৰু আন বেয়া কামবোৰ কৰিছিল। তাত থিয়েটাৰবোৰত বহুত অশ্লীল নাটকবোৰ দেখুৱা হৈছিল। আনকি ধাৰ্মিক উৎসৱবোৰত প্ৰায়ে বেয়া কথাবোৰ শুনিবলৈ পোৱা গৈছিল। (ইফি. ৫:৩) তাত থকা বেছিভাগ লোকে “সাৰ নাইকিয়া হৈ, অতি লোভেৰে সকলো অশুচি কৰ্ম্ম কৰিবলৈ, লম্পট-আচৰণত নিজকে শোধাই দিলে।” (ইফি. ৪:১৭-১৯) যেতিয়ালৈকে ইফিচৰ খ্ৰীষ্টানসকলে যিহোৱাৰ মানদণ্ডৰ বিষয়ে জনা নাছিল, তেতিয়ালৈকে তেওঁলোকে বেয়া কাম কৰাৰ পাছত একো অনুভৱ কৰা নাছিল। তেওঁলোকৰ বিবেকে তেওঁলোকক দোষ দিয়া নাছিল। আনকি তেওঁলোকে এয়াও ভৱা নাছিল যে তেওঁলোকে যি বেয়া কাম কৰিলে, তাৰ বাবে যিহোৱাক হিচাপ দিব লাগিব। সেইবাবে, পৌলে তেওঁলোকৰ বিষয়ে এইদৰে কৈছিল, “তেওঁবিলাকৰ চিত্ত আন্ধাৰময় হল; আৰু তেওঁবিলাকৰ আন্তিৰক অজ্ঞানতাৰ কাৰণে, ঈশ্বৰে দিয়া জীৱনৰ ভাগী নহল।”

৬. পৌলে ইফিচৰ খ্ৰীষ্টানসকলক ‘এতিয়া তেওঁলোকে পোহৰত আছে’ বুলি কিয় কʼলে?

৬ ইফিচৰ কিছুমান লোক সদায় আন্ধাৰত থকা নাছিল। পৌলে তেওঁলোকৰ বিষয়ে এইদৰে কৈছিল, ‘এতিয়া প্ৰভুত একতাত থকাৰ বাবে তেওঁলোক পোহৰত আছে।’ (ইফি. ৫:৮) তেওঁলোকে বাইবেলত দিয়া সত্যতাৰ অনুসৰি জীৱন-যাপন কৰিছিল, যি পোহৰৰ দৰে হয়। (গীত. ১১৯:১০৫) তেওঁলোকে মিছা ধৰ্মৰ ৰীতি-নীতি পালন কৰিবলৈ আৰু অনৈতিক কাম কৰিবলৈ এৰি দিছিল। তেওঁলোকে “ঈশ্বৰৰ অনুকাৰী” আছিল অৰ্থাৎ তেওঁৰ উদাহৰণত চলিছিল আৰু তেওঁৰ উপাসনা কৰিবলৈ আৰু তেওঁক আনন্দিত কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিছিল।—ইফি. ৫:১.

৭. আমি কেনেকৈ ইফিচৰ খ্ৰীষ্টানসকলৰ দৰে হওঁ?

৭ ঠিক সেইদৰে সত্য শিকাৰ আগতে আমিও আন্ধাৰত আছিলোঁ। আমাৰ মাজৰ কিছুমান লোকে মিছা ধৰ্মৰ উৎসৱবোৰ পালন কৰিছিল আৰু কিছুমানে অনৈতিক জীৱন-যাপন কৰিছিল। কিন্তু যেতিয়া আমি যিহোৱাৰ নৈতিক মানদণ্ডৰ বিষয়ে শিকিলোঁ অৰ্থাৎ ভাল-বেয়াৰ মাজত পাৰ্থক্য কৰিবলৈ শিকিলোঁ, তেতিয়া আমি কিছুমান সাল-সলনি কৰিলোঁ আৰু যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিবলৈ ধৰিলোঁ। ইয়াৰ বাবে আমাৰ সকলোৰে বহুতো লাভ হʼল। (যিচ. ৪৮:১৭) কিন্তু আমি আগলৈও পৰিশ্ৰম কৰি থাকিব লাগিব। আমি আন্ধাৰৰ পৰা আঁতৰি থাকিব লাগিব, অৰ্থাৎ আমি এনে কামবোৰৰ পৰা আঁতৰি থাকিব লাগিব যিবোৰ আমি কৰিবলৈ এৰি আহিলোঁ আৰু ‘পোহৰৰ সন্তানবিলাকৰ দৰে চলিব লাগিব।’ এয়া আমি কেনেকৈ কৰিব পাৰোঁ?

ছবি: ১. পৌলে এখন চিঠি লিখি আছে। তেওঁৰ হাতখন লোহাৰ শিকলিৰে বন্ধা আছে, যাৰ আনফালটো ৰোমী সৈনিকৰ হাতত বন্ধা আছে। ২. পৌলে ইফিচৰ খ্ৰীষ্টানসকললৈ যি চিঠি লিখিছিল, তাৰ এখন বহুত পুৰণি নকল।

Image digitally reproduced with the permission of the Papyrology Collection, Graduate Library, University of Michigan, P.Mich.inv. 6238. Licensed under CC by 3.0

পৌলে ইফিচৰ খ্ৰীষ্টানসকলক যি ভাল পৰামৰ্শ দিছিল, সেইবোৰ আমিও পালন কৰিব পাৰোঁ (অনুচ্ছেদ ৭ চাওক)b


আন্ধাৰৰ পৰা আঁতৰি থাকক

৮. ইফিচীয়া ৫:৩-৫ পদৰ অনুসৰি ইফিচৰ খ্ৰীষ্টানসকলক কিহৰ পৰা আঁতৰি থকাৰ প্ৰয়োজন আছিল?

৮ ইফিচীয়া ৫:৩-৫ পঢ়ক। ইফিচত অনৈতিক কামবোৰৰ বাবে চাৰিওফালে যি আন্ধাৰ বিয়পি আছিল, তাৰ পৰা আঁতৰি থাকিবলৈ তাত থকা খ্ৰীষ্টানসকলক কি কৰাৰ প্ৰয়োজন আছিল? যিহোৱাই ঘৃণা কৰা কামৰ পৰা তেওঁলোকক সদায় আঁতৰি থকাৰ প্ৰয়োজন আছিল। ইয়াৰ অৰ্থ হৈছে, তেওঁলোকে অনৈতিক কামবোৰৰ পৰা আঁতৰি থকাৰ লগতে বেয়া কথা কোৱা আৰু শুনাৰ পৰাও আঁতৰি থকাৰ প্ৰয়োজন আছিল। পৌলে ইফিচৰ খ্ৰীষ্টানসকলক মনত পেলাই দিছিল যে যদি তেওঁলোকে ‘খ্ৰীষ্টৰ আৰু ঈশ্বৰৰ ৰাজ্যত অধিকাৰ’ পাব বিচাৰে, তেনেহʼলে তেওঁলোকক এনেধৰণৰ সকলো কথা আৰু কামৰ পৰা আঁতৰি থাকিব লাগিব।

৯. আমি সকলো ধৰণৰ অনৈতিক কথা আৰু কামৰ পৰা কিয় আঁতৰি থকা উচিত?

৯ “আন্ধাৰৰ বিফল কাৰ্য্যবোৰ” আমি যাতে আকৌ নকৰোঁ, তাৰ প্ৰতি আমিও সদায় বিশেষ ধ্যান দিয়া উচিত। (ইফি. ৫:১১) যিসকল লোকে অশ্লীল ছবি চাই, কথা পাতে বা এনে কথাবোৰ শুনে, তেওঁলোকে সহজতে অনৈতিক কাম কৰিব পাৰে আৰু বহুতো লোকৰ লগত এইদৰে হৈছেও। (আদি. ৩:৬; যাকো. ১:১৪, ১৫) এখন দেশত বহুতো সাক্ষীয়ে অনলাইন গ্ৰুপ বনালে, যʼত তেওঁলোকে এজনে-আনজনক মেচেজ পঠিয়াইছিল। আৰম্ভণিতে বেছিভাগ সাক্ষীয়ে সত্যতাৰ বিষয়ে কথা পাতিছিল, কিন্তু লাহে লাহে তেওঁলোকে এনে কথাবোৰ পাতিবলৈ ধৰিলে যিবোৰ যিহোৱাই বেয়া পায়। তেওঁলোকে অনৈতিক কামবোৰৰ বিষয়ে বেছিকৈ কথা পাতিবলৈ ধৰিলে। পাছত তেওঁলোকৰ মাজৰ বহুতো সাক্ষীয়ে কʼলে যে এনেধৰণৰ বেয়া কথাবোৰৰ বাবেই তেওঁলোকে অনৈতিক কাম কৰিলে।

১০. চয়তানে আমাক কেনেকৈ বিচলিত কৰিবলৈ চেষ্টা কৰে? (ইফিচীয়া ৫:৬)

১০ চয়তানৰ জগতে আমাক বিচলিত কৰিবলৈ চেষ্টা কৰে। সি আমাক বিশ্বাস দিব বিচাৰে যে যিবোৰ কথা যিহোৱাই অনৈতিক আৰু বেয়া বুলি ভাবে, সেইবোৰ একেবাৰে বেয়া নহয়। (২ পিত. ২:১৯) কিন্তু এয়া কোনো আচৰিত কথা নহয়, কিয়নো এয়া চয়তানৰ বহুত পুৰণি ষড়যন্ত্ৰ হয়। সি আৰম্ভণিৰে পৰা লোকসকলক বিচলিত কৰি আহিছে, যাতে তেওঁলোকে ভাল-বেয়াৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে। (যিচ. ৫:২০; ২ কৰি. ৪:৪) ইয়াৰ বাবে আজি বেছিভাগ চিনেমা, টিভি কাৰ্য্যক্ৰম আৰু ৱেবছাইটত এনে কথাবোৰক উৎসাহিত কৰা হয়, যি যিহোৱাৰ মানদণ্ডৰ বিৰুদ্ধে হয়। চয়তানে আমাক বিশ্বাস দিবলৈ চেষ্টা কৰে যে বেয়া কাম কৰা আৰু অনৈতিক জীৱন-যাপন কৰাটো একো বেয়া নহয়। এনেদৰে কৰিলে ভাল লাগে আৰু ইয়াত কাৰো হানিও নহয়।—ইফিচীয়া ৫:৬ পঢ়ক।

১১. ভনী এঞ্জেলাৰ অনুভৱৰ পৰা কেনেকৈ জানিব পাৰি যে ইফিচীয়া ৫:৭ পদত দিয়া পৰামৰ্শ পালন কৰাটো অতি গুৰুত্বপূৰ্ণ? (ছবিখনো চাওক।)

১১ আমি এনে লোকসকলৰ লগত সংগতি কৰাটো চয়তানে বিচাৰে, যিসকলৰ বাবে যিহোৱাৰ মানদণ্ড পালন কৰিবলৈ আমাৰ বাবে কঠিন হʼব পাৰে। সেইবাবে, পৌলে ইফিচৰ খ্ৰীষ্টানসকলক যিহোৱাৰ দৃষ্টিত বেয়া কাম কৰা লোকসকলৰ ‘সহভাগী নহʼবলৈ’ উৎসাহিত কৰিছিল। (ইফি. ৫:৭) ইফিচৰ খ্ৰীষ্টানসকলে চʼচিয়েল মিডিয়াৰ পৰা হোৱা বিপদৰ সন্মুখীন হোৱা নাছিল, আমি ইয়াৰ সন্মুখীন হʼবলগীয়া হয়। সেইবাবে, আমি আৰু বেছিকৈ সাৱধান হোৱা উচিত। আমি মনত ৰখা উচিত যে সংগতি কৰাৰ অৰ্থ কেৱল এয়া নহয় যে আমি কাক লগ কৰিছোঁ আৰু কথা পাতিছোঁ। কিন্তু ইয়াৰ অৰ্থ এয়াও হʼব পাৰে যে আমি চʼচিয়েল মিডিয়াত কাৰ লগত কথা পাতিছোঁ। এচিয়াৰ এখন দেশত থকা ভনী এঞ্জেলাই অনুভৱ কৰিলে যে চʼচিয়েল মিডিয়াৰ পৰা কিমান বিপদ হʼব পাৰে।a তাই এইদৰে কৈছে, “চʼচিয়েল মিডিয়া আমাৰ বাবে ফান্দ হʼব পাৰে। ই লাহে লাহে আমাৰ চিন্তাধাৰা সলনি কৰিব পাৰে। মোৰ লগত এইদৰেই হৈছিল। মই এনে লোকসকলৰ লগত বন্ধুত্ব কৰিবলৈ ধৰিলোঁ, যিসকলে যিহোৱাৰ মানদণ্ডবোৰক সন্মান কৰা নাছিল আৰু মোক এয়া ডাঙৰ কথা যেন লগা নাছিল। মই জানিছিলোঁ যে যিহোৱাই কি কি কামক ঘিণ কৰে, কিন্তু মই ভাবিছিলোঁ অলপতো চলে।” কিন্তু প্ৰাচীনসকলৰ সহায়ত ভনী এঞ্জেলাই নিজৰ চিন্তাধাৰা সলনি কৰিব পাৰিলে। তাই এইদৰে কৈছে, “এতিয়া মই চʼচিয়েল মিডিয়াৰ ওপৰত মন দিয়াৰ পৰিৱৰ্তে যিহোৱাৰ কথাবোৰৰ ওপৰত মন দিওঁ।”

ছবি: ১. এজনী যুৱতী ভনীয়ে নিজৰ ফোনত চʼচিয়েল মিডিয়াৰ মেছেজ চাই আছে। ২. সেই ভনীজনীয়ে প্ৰচাৰত আছে আৰু আন এজনী ভনীৰ লগত কথা পাতি আছে আৰু বহুত আনন্দিত আছে।

আমি যিহোৱাৰ মানদণ্ডবোৰ পালন কৰিম নে নকৰিম, সেয়া আমাৰ বন্ধুসকল কেনেধৰণৰ হয় তাৰ ওপৰত নিৰ্ভৰ কৰে (অনুচ্ছেদ ১১ চাওক)


১২. যিহোৱাৰ মানদণ্ডৰ অনুসৰি চলি থাকিবলৈ আমি কি কথাৰ ওপৰত মন দিব লাগিব?

১২ এই জগতে অনৈতিক কাম কৰাত একো ভুল নাই বুলি আমাক বাৰে বাৰে বিশ্বাস দিবলৈ চেষ্টা কৰে, কিন্তু আমি জানোঁ যে এয়া ভুল হয়। তথাপিও জগতৰ চিন্তাধাৰাই আমাৰ ওপৰত যাতে প্ৰভাৱ নেপেলাই, তাৰ বাবে আমি কঠিন পৰিশ্ৰম কৰিব লাগিব। (ইফি. ৪:১৯, ২০) আমি নিজকে এইদৰে সোধা উচিত: ‘যিহোৱাৰ মানদণ্ড পালন কৰাৰ বাবে যেতিয়া লোকসকলে মোক ঠাট্টা কৰে বা বেয়াকৈ কয়, তেতিয়াও মই সাহসেৰে কাম কৰোঁ নে আৰু তেওঁৰ মানদণ্ডবোৰ পালন কৰোঁ নে? যিহোৱাৰ মানদণ্ডবোৰ পালন নকৰা লোকসকলৰ লগত বেছিকৈ সময় যাতে নকটাওঁ তাৰ প্ৰতি মই ধ্যান দিওঁ নে, যেনে: একেলগে পঢ়া লʼৰা-ছোৱালী, অফিচৰ লোক আৰু এনেধৰণৰ আন লোকসকল?’ দ্বিতীয় তীমথিয় ২:২০-২২ পদৰ পৰা জানিব পাৰি যে আমি মণ্ডলীতো ভাৱি-চিন্তি বন্ধু বনোৱা উচিত। কিয়নো মণ্ডলীতো এনে কিছুমান লোক থাকিব পাৰে, যিসকলে আমাক যিহোৱাৰ পৰা দূৰ লৈ যাব।

“পোহৰৰ সন্তানবিলাকৰ দৰে” চলি থাকক

১৩. “পোহৰৰ সন্তানবিলাকৰ দৰে” চলাৰ অৰ্থ কি? (ইফিচীয়া ৫:৭-৯)

১৩ পৌলে ইফিচৰ খ্ৰীষ্টানসকলক কৈছিল যে তেওঁলোকে সদায় আন্ধাৰৰ পৰাতো দুৰত থাকিব লাগিব লগতে তেওঁলোকে “পোহৰৰ সন্তানবিলাকৰ দৰে” চলি থকা উচিত। (ইফিচীয়া ৫:৭-৯ পঢ়ক।) ইয়াৰ অৰ্থ কি? স্পষ্টকৈ কʼবলৈ গʼলে আমি সকলো সময়তে মনত ৰখা উচিত যে আমি সত্য খ্ৰীষ্টান হয় আৰু আমি সেই অনুসৰি জীৱন-যাপন কৰা উচিত। এইদৰে কৰাৰ এটা উপায় হৈছে, আমি মনোযোগেৰে বাইবেল আৰু বাইবেল আধাৰিত প্ৰকাশনবোৰ পঢ়া আৰু অধ্যয়ন কৰা উচিত। আমি যীচুৰ দৰে হʼবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত, যি “জগতৰ পোহৰ” হয় আৰু তেওঁৰ শিক্ষাবোৰৰ ওপৰত ধ্যান দিয়া উচিত। এই দুয়োটা কাম আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ।—যোহ. ৮:১২; হিতো. ৬:২৪.

১৪. পবিত্ৰ শক্তিয়ে কেনেকৈ আমাক সহায় কৰিব পাৰে?

১৪ “পোহৰৰ সন্তানবিলাকৰ দৰে” জীৱন-যাপন কৰিবলৈ আমি পবিত্ৰ শক্তিৰো সহায় লʼব লাগিব। কিয় বাৰু? কিয়নো এই জগতখন অনৈতিক লোকসকলেৰে ভৰি আছে। এনে পৰিস্থিতিত নৈতিকভাৱে শুদ্ধ হৈ থকাটো ইমান সহজ নহয়। (১ থিচ. ৪:৩-৫, ৭, ৮) কিন্তু পবিত্ৰ শক্তিৰ সহায়ত আমি জগতৰ চিন্তাধাৰাৰ পৰা আঁতৰি থাকিব পাৰিম আৰু যিহোৱাৰ চিন্তাধাৰাৰ লগত মিল নোখোৱা চিন্তাধাৰা আৰু ব্যৱহাৰক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিম। ইয়াৰ উপৰিও পবিত্ৰ শক্তিৰ সহায়ত আমি সকলো ধৰণৰ ভাল কাম কৰিব পাৰিম।—ইফি. ৫:৯.

১৫. পবিত্ৰ শক্তি পাবলৈ আমি কি কৰিব পাৰোঁ? (ইফিচীয়া ৫:১৯, ২০)

১৫ পবিত্ৰ শক্তি পোৱাৰ এটা উপায় হৈছে, প্ৰাৰ্থনা কৰা। যীচুৱে কৈছিল যে যিহোৱাই ‘খুজাবিলাকক পবিত্ৰ শক্তি নিশ্চয় দিব।’ (লূক ১১:১৩) ইয়াৰ উপৰিও সভাত একেলগে মিলি যিহোৱাৰ উপাসনা কৰিলেও আমি পবিত্ৰ শক্তি পাওঁ। (ইফিচীয়া ৫:১৯, ২০ পঢ়ক।) যেতিয়া পবিত্ৰ শক্তিয়ে আমাৰ ওপৰত কাম কৰে, তেতিয়া আমি এনে জীৱন-যাপন কৰিব পাৰোঁ, যাৰ পৰা যিহোৱা আনন্দিত হয়।

১৬. সঠিক নিৰ্ণয় লʼবলৈ আমি কি কৰিব লাগিব? (ইফিচীয়া ৫:১০, ১৭)

১৬ যেতিয়া আমি গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলগীয়া হয়, তেতিয়া এয়া জানিবলৈ চেষ্টা কৰা উচিত যে সেই বিষয়ত যিহোৱাৰ ইচ্ছা কি আৰু সেই অনুসৰি কাম কৰা উচিত। (ইফিচীয়া ৫:১০, ১৭ পঢ়ক।) এনে পৰিস্থিতিত যেতিয়া আমি বাইবেলৰ সিদ্ধান্তবোৰ জানিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি সেই বিষয়ত যিহোৱাৰ চিন্তাধাৰা জানিব পাৰোঁ। তাৰ পাছত আমি সেই সিদ্ধান্তৰ অনুসৰি সঠিক নিৰ্ণয় লʼব পাৰোঁ।

১৭. আমি কেনেকৈ নিজৰ সময়ৰ ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ? (ইফিচীয়া ৫:১৫, ১৬) (ছবিখনো চাওক।)

১৭ পৌলে ইফিচৰ খ্ৰীষ্টানসকলক নিজৰ সময়ৰ ভাৱি-চিন্তি ব্যৱহাৰ কৰিবলৈ নিৰ্দ্দেশনা দিছিল। (ইফিচীয়া ৫:১৫, ১৬ পঢ়ক।) চয়তান বহুত দুষ্ট হয়, সি সদায় চেষ্টা কৰি থাকে যে আমি জগতৰ কামত ইমানেই ব্যস্ত হৈ যাওঁ যে যিহোৱাৰ সেৱাৰ বাবে আমাৰ ওচৰত সময়ে নাথাকে। (১ যোহ. ৫:১৯) সেইবাবে, হয়তো এজন খ্ৰীষ্টানে টকা-পইচা গোটাবলৈ, পঢ়া-শুনা কৰিবলৈ আৰু কেৰিয়াৰ বনাবলৈ ইমানেই ব্যস্ত হৈ যায় যে তেওঁ যিহোৱাৰ সেৱা ভালদৰে কৰিব নোৱাৰে। যদি এজন খ্ৰীষ্টানৰ লগত এইদৰে হয়, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে যে জগতৰ চিন্তাধাৰাই তেওঁৰ ওপৰত প্ৰভাৱ পেলাইছে। টকা-পইচা গোটোৱা আৰু পঢ়া-শুনা কৰাটো কোনো ভুল নহয়, কিন্তু আমি কেতিয়াও এই কামবোৰক নিজৰ জীৱনত প্ৰথম স্থান দিয়া উচিত নহয়। “পোহৰৰ সন্তানবিলাকৰ দৰে” চলি থাকিবলৈ হʼলে “সুসময়ক কিনি” লোৱাটো অতি প্ৰয়োজন, অৰ্থাৎ বেছি প্ৰয়োজনীয় কথাবোৰৰ ওপৰত ধ্যান দিয়া।

প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে ইফিচৰ ভীৰ থকা এলেকাত প্ৰচাৰ কৰি আছে।

ইফিচৰ খ্ৰীষ্টানসকলক নিজৰ সময়ৰ ভালদৰে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হʼল (অনুচ্ছেদ ১৭ চাওক)


১৮. নিজৰ সময়ৰ ভালদৰে ব্যৱহাৰ কৰিবলৈ ডʼনাল্ডৱে কি কৰিলে?

১৮ আপুনি কেনেকৈ যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰিব পাৰে, সেই বিষয়ে চিন্তা কৰক। দক্ষিণ আফ্ৰিকাত থকা ভাই ডʼনাল্ডৱে এইদৰেই কৰিলে। তেওঁ কৈছে, “মই আৰু বেছিকৈ প্ৰচাৰ কৰিবলৈ কি কৰিব পাৰোঁ, তাৰ বিষয়ে চিন্তা কৰিলোঁ আৰু সেই বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ। মই এনে এটা কাম পাবলৈ তেওঁলৈ মিনতি কৰিলোঁ, যাতে মই প্ৰচাৰত বেছিকৈ সময় দিব পাৰোঁ। যিহোৱাই মোৰ প্ৰাৰ্থনা শুনিলে আৰু মই এনেধৰণৰেই এটা চাকৰি পালোঁ, তাৰ পাছত মই আৰু মোৰ পত্নীয়ে একেলগে পূৰ্ণ সময়ৰ সেৱা আৰম্ভ কৰিলোঁ।”

১৯. “পোহৰৰ সন্তানবিলাকৰ দৰে” চলি থাকিবলৈ আমি কি কৰা উচিত?

১৯ পৌলে ইফিচৰ খ্ৰীষ্টানসকললৈ যি চিঠি লিখিছিল, তাৰ পৰা তেওঁলোকে যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ হয়তো বহুত সহায় পাইছিল। যিহোৱাৰ ফালৰ পৰা তেওঁলোকে যি পৰামৰ্শ পালে, সেইবোৰ মানিলে আজি আমাৰো লাভ হʼব। যেনে, আমি মনোৰঞ্জন আৰু বন্ধু বাচনি কৰাৰ সময়ত ভাৱি-চিন্তি নিৰ্ণয় লʼব পাৰিম। আমি সত্যৰ পোহৰত চলি থাকিবলৈ নিয়মীয়াকৈ বাইবেল অধ্যয়ন কৰিম। আমি এয়াও বুজি পাম যে পবিত্ৰ শক্তিৰ সহায় লোৱাটো কিমান গুৰুত্বপূৰ্ণ। কিয়নো তেতিয়াহে আমি ভাল গুণবোৰ বঢ়াব পাৰিম। ইয়াৰ লগতে যিহোৱাৰ ইচ্ছাৰ অনুসৰি নিৰ্ণয় লʼব পাৰিম। এইদৰে কৰিলে আমি আন্ধাৰৰ পৰা আঁতৰি থাকিব পাৰিম আৰু পোহৰত চলি থাকিম।

আপুনি কেনেকৈ উত্তৰ দিব?

  • ইফিচীয়া ৫:৮ পদত কোৱা “আন্ধাৰ” আৰু “পোহৰৰ” অৰ্থ কি?

  • আমি আন্ধাৰৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰোঁ?

  • আমি কেনেকৈ “পোহৰৰ সন্তানবিলাকৰ দৰে” চলি থাকিব পাৰোঁ?

গীত ৯৫ বৃদ্ধি হয় সত্যৰ পোহৰ

a কিছুমান নাম সলনি কৰা হৈছে।

b ছবিৰ বিষয়ে: পাঁচনি পৌলে ইফিচৰ খ্ৰীষ্টানসকললৈ যি চিঠি লিখিছিল, তাৰ এখন বহুত পুৰণি নকল

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক