বুধবাৰ, ৩০ জুলাই
আমি যিহকে দেখিলোঁ, শুনিলোঁ, তাকে নকৈ থাকিব নোৱাৰোঁ। —পাঁচ. ৪:২০.
চৰকাৰী অধিকাৰীসকলে যদি প্ৰচাৰ কাম কৰিবলৈ মানা কৰে, তেনেহʼলে প্ৰথম শতিকাৰ শিষ্যসকলৰ দৰে আমি প্ৰচাৰ কৰি থাকিম। আমি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰোঁ যে যিহোৱাই আমাক তেওঁৰ সেৱা ভালদৰে কৰিবলৈ সহায় কৰিব। গতিকে সাহসেৰে সমস্যাৰ সন্মুখীন হʼবলৈ যিহোৱাৰ পৰা সহায় বিচাৰক। আমাৰ মাজৰ বহুতো লোকে বেমাৰত ভুগি আছে বা আন কিবা সমস্যাৰ বাবে নিৰাশাত আছে। হয়তো আমাৰ কোনো আপোনজনাৰ মৃত্যু হৈছে, পৰিয়ালত কিবা সমস্যা হৈছে, বিৰোধ কৰা হৈছে বা আমি আন কিবা সমস্যাৰ সন্মুখীন হৈছোঁ। ইয়াৰ লগতে মহামাৰী আৰু যুদ্ধৰ কাৰণে এই সমস্যাবোৰ সন্মুখীন হʼবলৈ কঠিন হৈছে। সেইবাবে, হৃদয় খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰক। উদাহৰণস্বৰূপে, যেনেকৈ আমি নিজৰ বন্ধুক মনৰ সকলো কথা জনাওঁ, ঠিক সেইদৰে যিহোৱাক জনাওক যে আপুনি কেনে অনুভৱ কৰিছে। আপুনি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰে যে যিহোৱাই আপোনাৰ সহায়ৰ বাবে “কাৰ্য্য” কৰিব। (গীত. ৩৭:৩, ৫) প্ৰাৰ্থনাত লাগি থাকিলে আমি ‘ক্লেশৰ সময়ত’ ধৈৰ্য্য ধৰিব পাৰোঁ। (২ কৰি. ১:৪) যিহোৱাই জানে যে তেওঁৰ সেৱকসকলে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু তেওঁ “সিবিলাকৰ কাতৰোক্তি শুনি সিবিলাকক ত্ৰাণ কৰিব।”—গীত. ১৪৫:১৮, ১৯. w২৩.০৫ ৫-৬ ¶১২-১৫
বৃহস্পতিবাৰ, ৩১ জুলাই
চালি-জাৰি চাই নিশ্চিত কৰি থাকা যে প্ৰভুৱে কি বিষয়বোৰ গ্ৰহণ কৰে।—ইফি. ৫:১০.
যেতিয়া আমি গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলগীয়া হয়, তেতিয়া এয়া জানিবলৈ চেষ্টা কৰা উচিত যে সেই বিষয়ত যিহোৱাৰ ইচ্ছা কি আৰু সেই অনুসৰি কাম কৰা উচিত। (ইফি. ৫:১৭) এনে পৰিস্থিতিত যেতিয়া আমি বাইবেলৰ সিদ্ধান্তবোৰ জানিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি সেই বিষয়ত যিহোৱাৰ চিন্তাধাৰা জানিব পাৰোঁ। তাৰ পাছত আমি সেই সিদ্ধান্তৰ অনুসৰি সঠিক নিৰ্ণয় লʼব পাৰোঁ। চয়তান বহুত দুষ্ট হয়, সি সদায় চেষ্টা কৰি থাকে যে আমি জগতৰ কামত ইমানেই ব্যস্ত হৈ যাওঁ যে যিহোৱাৰ সেৱাৰ বাবে আমাৰ ওচৰত সময়ে নাথাকে। (১ যোহ. ৫:১৯) সেইবাবে, হয়তো এজন খ্ৰীষ্টানে টকা-পইচা গোটাবলৈ, পঢ়া-শুনা কৰিবলৈ আৰু কেৰিয়াৰ বনাবলৈ ইমানেই ব্যস্ত হৈ যায় যে তেওঁ যিহোৱাৰ সেৱা ভালদৰে কৰিব নোৱাৰে। যদি এজন খ্ৰীষ্টানৰ লগত এইদৰে হয়, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে যে জগতৰ চিন্তাধাৰাই তেওঁৰ ওপৰত প্ৰভাৱ পেলাইছে। টকা-পইচা গোটোৱা আৰু পঢ়া-শুনা কৰাটো কোনো ভুল নহয়, কিন্তু আমি কেতিয়াও এই কামবোৰক নিজৰ জীৱনত প্ৰথম স্থান দিয়া উচিত নহয়। w২৪.০৩ ২৪ ¶১৬-১৭
শুক্ৰবাৰ, ১ আগষ্ট
ধাৰ্ম্মিক লোকৰ বিপদ অনেক, কিন্তু যিহোৱাই সেই জনক সেই সকলোৰ পৰা উদ্ধাৰ কৰে।—গীত. ৩৪:১৯.
ওপৰত উল্লেখ কৰা গীতত বিশেষকৈ দুটা কথা কোৱা হৈছে। (১) যিহোৱাৰ দৃষ্টিত যি সঠিক, সেই কাম কৰা লোকসকলৰ ওপৰতো সমস্যা আহে আৰু (২) যিহোৱাই আমাক সমস্যাৰ পৰা ওলাই আহিবলৈ সহায় কৰে। তেওঁ আমাক কেনেকৈ সহায় কৰে? তেওঁ কৈছে যে এই জগতত আমাৰ লগত সদায় ভাল হʼব বুলি আমি আশা কৰা উচিত নহয়। যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে তেওঁৰ সেৱা কৰিলে আমি আনন্দ পাম। কিন্তু আমাৰ ওপৰত যে সমস্যা নাহিব, তাৰ কোনো গেৰান্টি দিয়া নাই। (যিচ. ৬৬:১৪) আমি ভৱিষ্যতৰ বিষয়ে ভবাটো যিহোৱাই বিচাৰে, যেতিয়া তেওঁ আমাক অনন্ত জীৱন দিব আৰু আমি সদায় আনন্দত থাকিম। (২ কৰি. ৪:১৬-১৮) কিন্তু সেই দিন নহালৈকে তেওঁ আমাক সহায় কৰি আছে, যাতে আমি হাৰ নামনি তেওঁৰ সেৱা কৰি থাকিব পাৰোঁ। (বিলা. ৩:২২-২৪) আমি প্ৰাচীন সময়ৰ আৰু বৰ্তমান সময়ৰ যিহোৱাৰ বিশ্বাসী সেৱকসকলৰ পৰা কি শিকিব পাৰোঁ? কেতিয়াবা কেতিয়াবা হঠাতে আমাৰ ওপৰত সমস্যা আহিব পাৰে। কিন্তু এনে পৰিস্থিতিত আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে তেওঁ আমাক নিশ্চয় চম্ভালিব।—গীত. ৫৫:২২. w২৩.০৪ ১৪-১৫ ¶৩-৪